নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জীৱন বীমা নিগম দেশৰ সৰ্ব বৃহৎ বীমা প্ৰতিষ্ঠান, যিয়ে যোৱা ১৯৫৬ চনৰ পৰা বীমা‌সেৱা আগ বঢ়াই আছে। অকল সেয়াই নহয় ভাৰতৰ বিভিন্ন উন্নয়ন মূলক কৰ্মৰাজিৰ বাবে একমাত্ৰ এই বীমা প্ৰতিষ্ঠানে আৰ্থিক সহায় ভাৰত চৰকাৰক যোগান দি আহিছে। এনেকুৱা এটি আগশাৰীৰ বীমা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সুৱৰ্ণ সুযোগ আপুনিও গ্ৰহণ কৰিব পাৰে। সেয়া সম্ভৱ হ’ব যদিহে আপুনি বীমা অভিকৰ্তা ৰূপে নিযুক্তি লাভ কৰে।
বীমা অভিকৰ্তা ৰূপে নিযুক্তি পোৱাৰ পাছত আপোনাৰ মুখ্য কাম হব, বীমা ল’বলৈ আগ্ৰহী ব্যক্তিক বীমা কৰোৱা। তাৰ বাবে আপুনি প্ৰতি মাহত আপোনাৰ কৰ্মৰ উপৰত ভিত্তি কৰি কমিছন লাভ কৰিব পাৰিব। যি সকল অভিকৰ্তা দক্ষভাবে নিজৰ বীমা বিক্ৰয় কৰ্ম সম্পাদন কৰিব পাৰে তেওঁ লোকে কমিছনৰ বাহিৰেও অন্যান্য ‌বিভিন্ন সা সুবিধা ভাৰতীয় জীৱন বীমা নিগমৰ ফালৰ পৰা লাভ কৰে।
আপুনিও যদি বীমা অভিকৰ্তা ৰূপে নিযুক্তি লাভ কৰি নিজৰ ইচ্ছামতে ব্যৱসায় বৃদ্ধি কৰিব বিচাৰে তেন্তে আপোনাৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা‌ উল্লেখ কৰক। ধন্যবাদ 🙏
প্রদ্যোৎ চক্ৰৱৰ্তী, উন্নয়ন বিষয়া, ভাৰতীয় জীৱন বীমা নিগম, তিতাবৰ শাখা।

Leave a Reply

Your email address will not be published. Required fields are marked *